১২ জুলাই (ইংৰাজী : 12 July ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৯৩তম (অধিবৰ্ষ ত ১৯৪তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭২টা দিন বাকী থাকে।
১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনা ই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। [1]
১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটি য়ে স্বাধীনতা লাভ কৰে।
১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল ক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান দিয়া হয়।
২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালাম লৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
২০০৪ - অসম ৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
২০১৫ - ছানিয়া মিৰ্জা ই মাৰ্টিনা হিংগিছ ৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। [2]
১০১ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰ , ৰোমান সেনানায়ক।
১৮৫৪ - জৰ্জ ইষ্টমেন , ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
১৮৬৩ - এলৰ্বাট কামেটে , যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
১৯০১ - মুখতাৰ বেগম , পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
১৯০৪ - নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট ' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
১৯৫৪ - সুলক্ষণা পণ্ডিত , ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
১৯৫৬ - গ্ৰেগ লিয়নাৰ্ড চেমেনজা , আমেৰিকান চিকিৎসক।
১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু। [3]
১৯৮২ - অচন্ত শৰৎ কমল , ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
১৯৯৭ - মালালা ইউছুফজাই , পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।
স্বাধীনতা দিৱস (কিৰিবাটি)।
↑ [https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403 "Yesterdate: This day from Kolkata’s past, July 12, 1823
On this day Diana, first steamer ship built in India, was launched in Kolkata"] (ইংৰাজী ভাষাত). জুলাই ১২, ২০২৩. https://www.telegraphindia.com/my-kolkata/news/yesterdate-this-day-from-kolkatas-past-july-12-1823/cid/1951403 .
↑ "Sania Mirza and Wimbledon: Where it all started for the tennis ace" (ইংৰাজী ভাষাত). জুন ২৮, ২০২৩. https://olympics.com/en/news/sania-mirza-wimbledon-record-stat-debuts-grand-slam-india-tennis .
↑ "Brock Lesnar" . Sherdog. https://www.sherdog.com/fighter/Brock-Lesnar-17522 । আহৰণ কৰা হৈছে: ১২ জুলাই 2023 .